ছিয়াম (ৰোজাৰ) সজ্ঞা
by
ৰাকিবুল ইছলাম
ছালাফী
+918472048196
Part 1
ছিয়াম (ৰোজাৰ) অভিধানিক অৰ্থ হল বিৰত থকা ।
শ্বৰীয়তৰ পৰিভাষাত ছিয়াম কোৱা হয় ইবাদতৰ উদ্দেশ্যৰে ছুবহ ছাদিকৰ
পৰা সূৰ্য্যাস্ত যোৱা লৈকে খোৱা-পিয়া আৰু যিবোৰ কাৰনে ৰোজা ভংগ বা নষ্ট হৈ যায়
সেইবোৰৰ পৰা বিৰত থকা ।
ছিয়ামৰ হুকুম :
ক্বোৰআন : বিগত নবী আৰু উম্মত সম্প্ৰদায় সকলৰ দৰে উম্মতে মুহাম্মদীৰ
উপৰতো ছিয়াম ফৰজ (বাধ্যতামূলক) কৰা হৈছে । ( ছুৰা বাক্বাৰা ১৮৩)
হাদীছ : নবী কৰীম ছল্লাল্লাহু আলাইহে ওয়া ছাল্লাম এ কৈছে
ইছলামৰ ভেটী পাঁচটা তাৰ মাজত ৰোজা হৈছে অন্যতম (বুখাৰী)
ৰমজান মাহ আৰু ইয়াৰ ছিয়ামৰ ফজিলত :-
(১) ৰমজান মাহৰ সন্মানীয় আৰু বৰকতময়
ৰাতিত পৱিত্ৰ ক্বোৰআন মজীদ নবী (ছা:) ৰ ওপৰত অৱতীৰ্ন কৰা হৈছে । (বাক্বাৰা ১৮৫)
(২) ৰমজান মাহৰ আগমনত জান্নাতৰ দৰজাবোৰ
খুলি জাহান্নামৰ দৰজাবোৰ বন্ধ কৰি দিয়া হয় লগতে আবাধ্য মৰদূদ শ্বয়তান বিলাকক আৱদ্ব
কৰা হয়। (বু: ও মু:)
(৩) ৰমজান মাহৰ প্ৰতিটো ৰাতিত আল্লাহ
তায়ালা তেওঁৰ বান্দাসকলক জাহান্নামৰ পৰা মুক্তি দিয়ে। (ইবনে মাজাহ ১৬৪৩)
(৪) ৰমজান মাহৰ ছিয়াম বিশ্বাস আৰু ছোৱাবৰ উদ্দেশ্যে পালনকাৰী সকলৰ
বিগত গুনাহ ক্ষমা কৰি দিয়া হয়। (বু: ও মু:)
(৫) ৰমজান মাহত কৰা ওমৰা হজ ফৰজ হজৰ সমতুল্য
(মু: ১২৫৬)
(৬) ৰমজান মাহৰ নফল ইবাদত অইন মাহৰ ফৰজৰ
সমতুল্য আৰু এই মাহৰ এটি ফৰজ অইন মাহৰ ৭০ টি ফৰজৰ সমতুল্য। (হক)
(৭) ছিয়ামৰ ছোৱাব অসীম আৰু অগনন (মু:)
(৮) ছিয়াম পালনকাৰী সকলৰ বাবে জান্নাতত
এটি নিৰ্দিষ্ট দৰজা বনোৱা হয় যাৰ নাম হৈছে ৰাইয়ান (বু: ১৮৯৭ ও মু: ১০২৭)
(৯) ছিয়ামেই ক্বিয়ামতৰ দিনা ছিয়াম
পালনকাৰী সকলৰ বাবে আল্লহৰ ওচৰত ছুফাৰিশ কৰিব। (ছ: তাৰগীব ৯৭৩)
(১০) হাদীছে কুদছীত উল্লেখ আছে আল্লাহ
তায়ালাই কৈছে যে আদম সন্তানৰ প্ৰতিটো আমল তাৰ বাবে কেৱল ছিয়াম হৈছে মোৰ বাবে আৰু
মইয়েই ইয়াৰ পৰিনাম দিম। (মু: ১১৫১)
ৰমজান মাহৰ আগমন:-
ৰমজান
মাহৰ আগমন দুই প্ৰকাৰে প্ৰমানিত হয় :
(১) ৰমজান মাহৰ নতুন জোন দৰ্শন কৰা
(২) শ্বাবান মাহৰ ত্ৰিশ দিন সম্পূৰ্ন কৰা
(ফাতওয়া ফি আহকামিছ ছিয়াম)
হাদিছ:- আবু
হুৰাইৰা (ৰা:) ৰ পৰা বৰ্নিত নবী (ছ:) এ কৈছে “তোমালোকে ৰমজান মাহৰ জোন দেখি ছিয়াম আৰাম্ভ
কৰা আৰু শ্বাওৱাল মাহৰ জোন দেখি ছিয়াম এৰি দিয়া, যদি কাল ক্ৰমত আকাশখন মেঘাচ্ছন্ন হয় অৰ্থাত জোন দেখা নাযায়
তেনেহলে শ্বাবান মাহৰ ৩০ দিন পূৰ্ন কৰা। (বু: ও মু:)
ছিয়ামৰ নিয়ত:-
নবী (ছ:) এ কৈছে, যিজনে ফজৰৰ আগত ছিয়ামৰ নিয়ত নকৰে তেওঁৰ
ছিয়াম নহয় (তি: ও আ দা:) কিন্তু ৰমজান মাহৰ ছিয়াম পালন কৰাৰ বাবে ৰমজান মাহৰ প্ৰথমত মাত্ৰ এবাৰ নিয়ত
কৰিলেই যথেষ্ট। কিন্তু
যদি কোনো ব্যক্তি ভ্ৰমন নাইবা অইন কোনো কাৰণত উক্ত মাহৰ ছিয়াম ভাঙিবলগীয়া হয়
তেন্তে তেওঁৰ বাবে পুনৰ নতুন কৈ নিয়ত কৰা ওৱাজিব হব। (ফাতওৱা আৰকানুল ইছলাম)
নফল ছিয়ামৰ নিয়ত দিনৰ বেলি লহিওৱাৰ আগলৈকে কৰিলেই যথেষ্ট
হব, যদি হি কোনো ধৰণৰ খোৱা পিয়া নকৰে। (মু:)
আৰু নিয়ত কোৱা হয় মনৰ সংকল্প যাৰ স্থান হল মন আৰু মস্তিস্ক।
(ৰাওযাতুত তালিবীন) সেয়েহে নিয়ত বা সংকল্প কৰাৰ বাবে আৰবীত প্ৰচলীত মানুহে গঢ়া বা
নিজৰ ভাষাত শব্দ প্ৰয়োগ কৰি মুখেৰে উচ্চাৰণ কৰা বিদআত। কিয়নো শ্বৰীয়তত মুখেৰে
উচ্চাৰণ কৰি নিয়ত কৰাৰ কোনো ভিত্তি নাই। (কামুছুল বিদআহ, যা: মাআদ)
ছাহাৰী আৰু ইফতাৰ:
(১) ছাহাৰী পলমকৈ (নিৰ্দিষ্ট সময়ৰ ঠিক আগ মুহূৰ্তত)
(২) ছাহাৰী খাওঁতে নামাজৰ আজান শুনিলে খোৱা-পিয়া বন্ধ নকৰি
খৰ ধৰকৈ খাব লাগে।
(৩) ফৰজ গোছল ছাহাৰী খোৱাৰ পিছতো
আদায় কৰিব পৰা যায়, কিন্তু খোৱাৰ আগত অজু কৰিব লাগিব।
(৪) মুমীন (ঈমানদাৰ) সকলৰ উত্তম ছাহাৰী হৈছে খেজুৰ।
(৫) ইফতাৰ যথাসময়ত অতি সোনকালে একো পলম নকৰাকৈ কৰাটো উচিত।
(৬) ইফতাৰ
বিছমিল্লাহ পঢ়ি কৰিব লাগে।
(৭) নবী (ছ:) এ ৰুতাব (তাজা খেজুৰ) দি ইফতাৰ কৰিছিল আৰু
ৰুতাব নাথাকিলে তামাৰ (শুকান খেজুৰেৰে) ইফতাৰ কৰিছিল আৰু সেইবোৰ নাথাকিলে পাণী দি
ইফতাৰ কৰিছিল। (তি: ৬৯৬)
(৮) ইফতাৰৰ পিছত নিম্নলিখিত দুআ পঢ়িব লাগে:
ذهب الظمآء وابتلت العروق وثبت الأجر انشآء
الله تعالى
(৯) আনক ইফতাৰ কৰোৱা ব্যক্তি ছিয়াম পালনকাৰী ব্যক্তিৰ সমান
সোৱাব অৰ্জন কৰে।
ছিয়াম অৱস্তাত নিষিদ্দ
কাৰ্যসমূহ:
(১) ছিয়াম অৱস্থাত ক্বোৰআন পাঠ কৰা, যিকিৰ আযকাৰ ইত্যাদিৰ
অবিহনে মিথ্যা, চুগলখুৰী, পৰনিন্দা, অশ্লীল কথা কোৱা, গালি সপনি কৰা, গীবত,
ধোকাবাজি, মুনাফেকা আদি সকলো ধৰনৰ কাৰ্য্যবোৰ নিষেদ। (বু: ও তি:)
(২) ছিয়াম পালন কৰা অৱস্থাত ধৈৰ্য্য নথকা ব্যক্তি ঘৈনিয়েকৰ
পৰা চুমা লৱ নোৱাৰিব।
(৩) নাকত পানী লওঁতে কৰা।
(৪) বুখুৰ আৰু ধোপৰ গোন্ধ লোৱা নিষেদ। (ফাতওৱা ইছলামীয়া)
ছিয়াম অৱস্তাত জায়েয কাৰ্যসমূহ:
(১) দিনৰ যিকনো সময়ত মিছৱাক (ব্ৰাস) কৰা।
(২) চুলিত তেল লগোৱা, চকুত ছুৰমা ব্যৱহাৰ কৰা।
(৩) দৰকাৰত খাদ্যৰ সোৱাদ লোৱা কিন্তু সেই খাদ্যৰ কোনো অংশ
গিলিব নোৱাৰিব।
(৪) সুগন্ধি, আতৰ ইত্যাদি ব্যৱহাৰ কৰা।
(৫) তিতা কাপোৰ পিন্ধা আৰু গোছল দিয়া।
যিবোৰ কাৰণত ছিয়াম নষ্ট
হৈ যায়:
(১) ইচ্ছাকৃত ভাবে খোৱা পিয়া কৰা।
(২) ইচ্ছাকৃত ভাবে বমি কৰা।
(৩) হায়েজ আৰু নেফাছৰ তেজ ওলোৱা।
(৪) যিবোৰ ইন্জেকশ্বন শৰীৰত খাদ্য বা পাণী যোগানৰ কাম কৰে
ব্যৱহাৰ কৰা।
(৫) ইচ্ছাকৃত ভাবে জানি শুনি ঘৈনিয়েকৰ সৈতে সহবাস (মিলন)
কৰা।
*** ইচ্ছাকৃত ভাবে জানি শুনি ঘৈনিয়েকৰ সৈতে সহবাস কৰিলে
ছিয়াম কাজাৰ উপৰিও ইয়াৰ কাফ্ফাৰা আদায় কৰা ফৰজ।
*** ফৰজ ছিয়ামৰ কাফ্ফাৰা হৈছে : এজন গুলাম (দাস বা দাসিক)
মুক্ত কৰা, যদি ইয়াৰ সামৰ্থ নাথাকে তেন্তে একেৰাহে ৰমজানৰ পিছত দুই মাহ ছিয়াম কৰা
আৰু যদি ইয়াৰো সামৰ্থ নাথাকে তেনেহলে ৬০ জন মিসকিনক আহাৰ দিব লাগিব।
No comments:
Post a Comment