Friday, 10 July 2015

ছিয়াম (ৰোজাৰ) সজ্ঞা

Part ii

যিবোৰ কাৰণত ছিয়াম নষ্ট নহয় :
(১) ভূলতে খোৱা পিৱা কৰিলে।
(২) ডিঙিৰ গৰ-গৰৰ ঔষদ ব্যবহাৰ কৰিলে; যদি ছিয়ামকাৰী সেই ঔষদ গিলি পেটৰ ভিতৰত নলয় আৰু যদি বিশেষ প্ৰয়োজন নাথাকে তেন্তে গৰ-গৰ নকৰাই ভাল।
(৩) ছিয়াম অৱস্থাত যদি কোনো ব্যক্তিৰ বেয়া কথা মনত পৰাৰ ফলত বীৰ্যপাত বা টোপনিত সপ্নদোষ হৈ যায়। (মাজমুআহ ফাতওৱা ইবনে বায)
(৪) যিবোৰ ইন্জেকশ্বন শৰীৰত খাদ্য বা পাণী যোগানৰ কাম নকৰে সেইবোৰ ব্যৱহাৰ কৰিলে
(৫) বমি কৰিলে (অনিচ্ছাকৃত ভাবে)। (তি:)
(৬) চিকিত্সা কৰাৰ উদ্দেশ্যে শিঙা লগালে। (বু;)
(৭) থু গিলিলে আৰু মাখি ইত্যাদি ডিঙিত সোমালে
য়িসকোল ব্যক্তি ছিয়াম নকৰি ছিয়াম কাজা কৰিব পাৰে:
(১) মুছাফিৰ (ভ্ৰমনকাৰী)। (ছুৰা বাক্বাৰাহ:১৮৫)
(২) এনে অসুস্ত বা বেমাৰী যাৰ সুস্ততাৰ সম্ভৱনা আছে। (ছুৰা বাক্বাৰাহ:১৮৫)
(৩) গৰ্ভৱতী আৰু সেই দুগ্ধধাৰী মহিলা যি নিজৰ সন্তান বা কেচুৱাৰ কোনো ধৰনৰ অসুবিধা বা অসুস্থতা অনুভৱ কৰে। (তি; ও নাসাঈ)
(৪) হায়েজ আৰু নেফাছ অৱস্থাত থকা মহিলা।
য়িসকোল ব্যক্তিৰ ছিয়াম আৰু কাজা একো নাই কিন্তু ফিদিয়া বাদ্ধতামূলক:
যিজন ব্যক্তি ছিয়াম আদায় কৰাৰ শক্তি নাৰাখে যেনে পিড়ীত, বুঢ়া-বুঢ়ী নাইবা যিজন এনে ৰোগত আক্ৰান্ত যাৰ ভাল বা আৰোগ্য হোৱাৰ কোনো সম্ভৱনা নাই, এনে অৱস্থাত সেইজন প্ৰতিদিন এজন মিসকিনক আহাৰ দিব লাগিব।
কাজা ছিয়ামৰ কিছুমান গুৰুত্তপূৰ্ন নিয়মসমূহ:
(১) ৰমজান মাহৰ কাজা ছিয়ামবোৰ অহা ৰমজান লৈকে একেৰাহে বা বেলেগ বেলেগ দিনত কৰিব পৰা যায়।
(২) যিজন কাজা ছিয়াম আদায় কৰাৰ আগতেই ঢুকাই যায় সেইজনৰ প্ৰতিদিনৰ পৰিৱৰ্তত এজন মিছকিনক আহাৰ দিব লাগিব।
(৩) মানসিত কৰা ছিয়াম পালন নকৰাকৈ ঢুকাই গলে সেইজনৰ ঘৰৰ মানুহক আদায় কৰিব লাগিব।
তাৰাবীহৰ নামাজ:
(১) তাৰাবীহৰ নামাজ ঈমান (বিশ্বাস) আৰু ছোৱাবৰ উদ্দেশ্যে আদায় কাৰীৰ অতীতত হোৱা সকলো ছগীৰা গুনাহ ক্ষমা কৰি দিয়া হয়। (বু: ২০০৮ ও মু: ৭৫৯)
(২) তাৰাবীহৰ নামাজৰ মছনূন ৰাকাআতৰ সংখ্যা হৈছে ৮ (আঠ)। কিয়নো নবী ছ: এ ৰমজান আৰু ৰমজানৰ বাহিৰে বিতিৰ সৈতে  ১১ ৰাকাআতত কৈ বেছি আদায় কৰা নাছিল। (বু: ২০১৩ আৰু মু: ৭৩৮)
(৩) তাৰাবীহৰ নামাজৰ সময় হৈছে ঈশ্বাৰ নামাজৰ পিছৰ পৰা ছুবহ ছাদিক লৈকে।
(৪) তাৰাবীহৰ নামাজ মহিলা সকলেওঁ মছজিদত আহি আদায় কৰিব পাৰে।
শ্ববে কদৰ:
(১) শ্ববে কদৰ ৰমজান মাহৰ শেষৰ দহ বেযোৰ ৰাতিবোৰত বিচাৰিব লাগে।
(২) শ্ববে কদৰ হাজাৰ মাহতকৈ উত্তম। (ছুৰা কদৰ:২)
(৩) শ্ববে কদৰৰ ইবাদত অতীতৰ গুনাহৰ পৰা মুক্ত পোৱাৰ এক অন্যতম মাধ্যম।
(৪) শ্ববে কদৰৰ দুআ হৈছে: আল্লাহুম্মা ইন্নাকা আফুঊন তুহেব্বুল আফওৱা ফা’ফু আন্নি। (তি:)
অৰ্থ: আল্লাহ তুমিয়েই ক্ষমাকাৰী ক্ষমা কৰি ভাল পোৱা গতিকে মোক ক্ষমা কৰি দিয়া
এতেকাফ:
আল্লাহ তা’লাৰ ওচৰ লাভৰ উদ্দেশ্যেৰে মছজিদত ইবাদতৰ সৈতে আৱদ্ধ হৈ থকাকেই এতেকাফ বুলি কোৱা হয়।
(১) ৰমজান নাইবা অইন যিকোনো মাহত এতেকাফ কৰা যায়।
(২) ৰমজান মাহত এতেকাফ কাৰী ২১ ৰমজানৰ ৰাতি আৰাম্ভ হোৱা মাত্ৰেই মছজিদত প্ৰৱেশ কৰিব।
(৩) এতেকাফত থকা অৱস্থাত খোৱা-পিয়া, চুলিত তেল লগোৱা, ফনী কৰিব পাৰিব আৰু আন আন নানান প্ৰয়োজনীয় কাম যেনে প্ৰসাব ও পায়খানা, গোছল, ওজু আদিৰ বাবে মছজিদৰ পৰা বাহিৰত ওলাব পাৰিব।
(৪) এতেকাফত বহা জনৰ বাবে ৰোগী চোৱাৰ, জানাজাৰ নামাজৰ কাৰণে বাহিৰত ওলোৱ নিষেদ।
ছদকাতুল ফিতৰ (ফিৎৰা):
(১) ঈদুল ফিতৰৰ নামাজৰ আগমুহূৰ্ত লৈকে ফিৎৰা দিব পাৰিব।
(২) ফিৎৰা ঈদুল ফিতৰৰ এদিন বা দুদিন আগতেওঁ দিব পাৰিব।
(৩) ঈদুল ফিতৰৰ নামাজৰ পিছত ফিৎৰা দিলে সেইটো ফিৎৰা নহব সাধাৰণ দান হে হব।
(৪) খেজুৰ, যব, কিচমিচ, গম নাইবা দেশৰ প্ৰধান খাদ্য যেনে চাউল ইত্যাদি ফিৎৰা হিচাপে দিব লাগে।
(৫) ফিৎৰাৰ মছনূন পৰিমান হৈছে ‘এক ছা’
(৬) প্ৰত্যেকজন মুছলিম সৰু-ডাঙৰ, পুৰুষ-মহিলা, স্বাধীন-পৰাধীন, ছিয়াম পালনকাৰী আৰু নকৰাকাৰী সকলোৰে ওপৰোত ফিৎৰা আদায় কৰাটো ওৱাজিব।
(৭) ফিৎৰা হৈছে ছিয়াম পালন কৰা অৱস্থাত হোৱা ভূল-ভ্ৰান্তিৰ পৰা পৱিত্ৰতা অৰ্জন কৰাৰ একমাত্ৰ উপায় আৰু ফিৎৰা হল মিছকীন সকলোৰ খাদ্য বা আহাৰ অন্য কাৰো নহয়।
ঈদুল ফিতৰ:
(১) ঈদৰ দিনা গোছল কৰা মুস্তাহাব (পছন্দনীয়)
(২) ঈদগাহত ঈদৰ দুই ৰাকাআত নামাজৰ বাহিৰে ইয়াৰ আগে পিছে কোনো নামাজ নাই।
(৩) ঈশৰাকৰ নামাজৰ সময়েই হৈছে ঈদৰ নামাজাৰ সময়।
(৪) ঈদুল ফিতৰৰ দিনা অলপ মিঠাই খাই ঈদগাহ লৈ যোৱা ছুন্নত।
(৫) ঈদগাহলৈ এটা পথেৰে যোৱা আৰু আন এটা পথেৰে অহা ছুন্নত।
(৬) বৰষুণ বা ধুমুহাৰ কাৰনে ঈদৰ নামাজ মছজিদত পৰিব পাৰি।
(৭) মহিলা সকলোৰো ঈদগাহলৈ যোৱা আৰু নামাজত অংশ গ্ৰহন কৰা বা শামিল হোৱা ওৱাজিব। আনকি ৰূতুৱতী মহিলা সকলেওঁ ঈদগাহলৈ যাব অকল নামাজৰ পৰা আতৰি থাকিব কিন্তু মুছুলমান সকলোৰ দুআত শামিল হব বা ভাগ লব।
(৮) ঈদৰ নামাজ খুৎবাৰ আগতেই আদায় কৰিব লাগে।
(৯) ঈদগাহলৈ যোৱাৰ সময়ত উচ্চধ্ব্নিত তকবীৰ পঢ়িব লাগে।
(১০) ঈদৰ তকবীৰ হল: আব্দুল্লাহ ইবনে মাসঊদ ৰা: ৰ পৰা হাদিছ বৰ্ণিত:
আল্লাহু আকবাৰ আল্লাহু আকবাৰ লা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবাৰ আল্লাহু আকবাৰ ওয়ালিল্লাহিল হামদ।
ঈদৰ নামাজ:
(১) ঈদৰ নামাজৰ বাবে আজান আৰু ইকামত একো নাই।
(২) ঈদৰ নামাজ দুই ৰাকাআত
(৩) প্ৰথম ৰাকাআতত তকবীৰ এ তাহৰীমা আৰু ছানাৰ পিছত কিন্তু ছুৰা পাঠ কৰাৰ আগত সাত বাৰ আৰু দ্বিত্বীয় ৰাকাআতত ছুৰা পাঠ কৰাৰ আগত পাঁচ বাৰ বেলেগ নামাজতকৈ বেছি তকবীৰ দিব লাগে।
(৪) ঈদৰ প্ৰথ্ম ৰাকাআতত ছুৰা ফাতিহাৰ পিছত ছুৰা আ’লা নাইবা ছুৰা ক্বাফ আৰু দ্বিত্বীয় ৰাকাআতত ছুৰা গ্বাশ্বিয়াহ নাইবা ছুৰা কামাৰ পাঠ কৰা ছুন্নত।
শ্বাওৱাল মাহৰ ছিয়াম:
ৰমজান মাহৰ ছিয়ামসমূহ পালন কৰাৰ পিছত শ্বাওৱাল মাহৰ ৬ টা ছিয়াম কৰিলে গোটেই বছৰ ছিয়াম কৰাৰ ছোৱাব পোৱা যায়।
ধন্যবাদ
ৰাকিবুল ইছলাম ছালাফী


mobile: +918472048196
E-mail: rakibulislam276@gmail.com

No comments:

Post a Comment